Parajubaea torallyi তাল গছ (পাল্মা চীকো, বলিভিয়ান পাহাৰী নাৰিকল)
Parajubaea torallyi দক্ষিন আমেৰিকাৰ এইটো এটা যথেষ্ট কঠিন আৰু ধুনীয়া তাল। প্রাকৃতিক পৰিবেশত বাঢ়ি উঠাৰ বাহিৰে আৰু বলিভিয়াৰ বাহিৰে কিন্তু এই জাতীয় তাল গছ খুব কমেই খেতিয়ক সকলে খেতি কৰে (যাৰ অর্থ পঠিওয়াৰ খৰচ খুব বেছি হব)।
থলুৱাৰ পৰা বলিভিয়ালৈ, এই বিধ গছ ওপজে শুকান, সেমেকা, ইন্টাৰ-এন্ডেম উপত্যকাৰ সমুদ্র পৃষ্ঠৰ পৰা প্রায় ২৭০০ – ৩৪০০ মিটাৰ উচ্চতাত। গতিকে এই জাতীয় তাল গছবিলাক পৃথিবীৰ ভিতৰত আটাইতকৈ অধিক উচ্চতাত উৎপন্ন হোৱা এবিধ গছ। ইয়াৰ উঞ্চতা হয় সাধাৰনতে ২০°C ৰ ওপৰত আৰু এই উচ্চতাত ৰাতিৰ ভাগত বৰফ পৰাটো স্বাভাবিক। জাৰকালি উঞ্চতা কেতিয়াবা কেতিয়াবা -৭°C লৈ নামি যায় (জুলাই আৰু আগষ্ট মাহত) আৰু বছেৰেকীয়া বৰষুনৰ পৰিমান মাথোন ৫৫০ মি.মি.।
এই বিধ গছৰ ৰ’দ, তাপ, খৰা, শীত, বৰফ ইত্যাদি বিভিন্ন বতৰ সহ্য কৰিব পৰা ক্ষমতা অধিক আৰু প্রাকৃতিক ভাৰসাম্য ধৰি ৰখাৰ ক্ষমতাও অধিক, কিছুমানে কয় যে এই বিধ কিমবদন্তীময় তাল গছৰ মাথোন আলংকাৰিক গুণেই নহয় কিন্তু এই বিধ গছ প্রাকৃতিক মনোমোহা ভূখন্ডচিত্রৰ বিচিত্র এক ৰুপ, বিশেষকৈ উঞ্চতাপ্রধান আৰু গ্রীষ্মপ্রধান অঞ্চলত সুন্দর্য বৃদ্ধি কৰে। কিছুমান এলাকাত হয়তো বৰফ পৰিব পাৰে, অবশ্যে বৰফৰ প্রয়োজন আছে কিয়নো এই বিধ গছক শীতল পৰিবেশটোয়ে ইয়াৰ ৰক্ষনাবেক্ষনত সহায় কৰে। ইউৰোপৰ কিছু অঞ্চলত তাপমাত্রা -৩°C লৈকে নামি যায় বুলি জনা গৈছে। সর্বনিম্ন যিটো তাপমাত্রাত এই বিধ তাল গছ জীয়াই থাকিব পাৰে সেইয়া হ’ল -৮°C। এই উঞ্চতাত এই বিলাক তাল গছৰ পাত বিলাক সৰি যায় কিন্তু আকৌ বসন্ত কালত নতুনকৈ কুহিঁপাত দেখা দিয়ে।
বলিভিয়াত, এই বিধ তাল গছ ওখই প্রায় ১৪ মিটাৰ মান দীঘল হয় আৰু তাৰ শাখা বিলাকৰ বার্সাদ্ধ্য ২৫-৩৫ চেন্টিমিটাৰ মান হয়। যিবিলাক তাল গছ ১০০ বছৰতকৈ বেছি পুৰণি, সেই বিলাক ওখই প্রায় ৩০ মিটাৰ মান হয় আৰু তাৰ শাখা বিলাকৰ বার্সাদ্ধ্য ৫০ চেন্টিমিটাৰ মান হয়। প্রায় ২০ টা মান পাতৰ দ্বাৰা এটা ধুনীয়া ৰাজমুকুট যেন তাৰ চৌদিশে থাকে যাৰ কিছুমান আকৌ প্রায় ৫ মিটাৰ মান দীঘল হয়! বলিভিয়াৰ বাহিৰে উৎপন্ন হোৱা তাল গছ বিলাক কিন্তু ইয়াৰ তুলনাত যথেষ্ট কম উচ্চতাৰ হয়।
দুটা নির্দিষ্ট ধৰনৰ জনসংখ্যাৰ পার্থক্যৰ বাবে এই বিধ গছৰ পৰির্বতন লক্ষ্য কৰা যায় বিশেষকৈ ইয়াৰ ফলৰ ক্ষেত্রত, কিয়নো অলপতে দুই ধৰনৰ ফল দেখা গৈছে, সৰু ফল P. torallyi var. microcarpa আৰু ডাঙৰটো হ’ল P. torallyi var. torallyi. কিন্তু ওপৰে ওপৰে চালে এই পার্থক্য ধৰিব পৰা নেযায়, var. microcarpa ৰ আকাৰ আৰু বার্সাদ্ধ্য ডাঙৰটোৰ লগত সম্পূর্ণ ভাবে নিমিলে, কিন্তু গ্রহনীয়তা আৰু শকত-আবত ইত্যাদিৰ লগত তুলনা কৰিলে দুয়োটাৰ মাজত বিশেষ পার্থক্য লক্ষ্য কৰা নেযায়। এই বিধ গছৰ এটা বদনাম আছে সেইটো হ’ল ইয়াৰ বীজ বিলাক সদায়ে যে গজিব তাৰ কোনো নিশ্চয়তা নাই। যদিও গেঁজ ওলোৱাৰ এই অস্থিৰ অৱস্থাটোৰ বাহিৰে এই বীজ বিলাকৰ পৰা গেঁজ ভালকৈয়েই ওলায় যদিহে ইয়াক সঠিক ভাবে ৰূপন কৰা হয় অর্থাৎ মাটিত বীজৰ আধা খিনি পুতি থব লাগে আৰু অলপ সেমেকা অবস্থাত ৰাখিব লাগে। সঠিক ভাবে যত্ন ল’লে চেঁচা আৰু উঞ্চপ্রধান অঞ্চলত সূর্যৰ পোহৰ পৰা ঠাইত গেঁজ সোনাকালেই ওলাই দীঘল হয় আৰু শক্ত আবত ডাঙৰ তালৰ কান্ড ওলায় যাক মুকুটৰ দৰে দেখি। এই বিধ গছৰ তাপ, শীত, বৰফ ইত্যাদি আন আন বিভিন্ন ধৰনৰ বতৰ সহ্য কৰিব পৰা ক্ষমতা যথেষ্ট থাকে। কিছুমানে কয় যে এই বিধ কিম্বদন্তীময় তাল গছৰ মাথোন আলংকাৰিক গুণেই নহয় কিন্তু এই বিধ গছ প্রাকৃতিক মনোমোহা ভূখন্ডচিত্রৰ বিচিত্র এক ৰুপ বিশেষকৈ উঞ্চতাপ্রধান আৰু গ্রীস্মপ্রধান অঞ্চলত।
Parajubaea torallyi এটা জনপ্রিয় আলংকাৰিক গুণ সম্পন্ন গছ যাক প্রায়েই কোনো পার্ক বা বাটৰ কাষত দেখিবলৈ পোৱা যায়। ইকুয়েডৰ আৰু দক্ষিন কলম্বিয়াত, এই Parajubaea torallyi গছ বিলাক প্রায় ২৫০০ পৰা ৩০০০ মিটাৰ উচ্চতাত হয়, এইটো এটা লাহে লাহে বঢ়া তাল গছ যাৰ কম পৰিমানে শীত সহ্য কৰিব পৰা ক্ষমতা আছে, যিহেতু এই বিধ গছৰ লগত Parajubaea torallyi গছৰ বহুতো মিল আছে আৰু ইয়াৰ আচল আবাস সম্পর্কে একো জনা নেযায় গতিকে ইয়াক Parajubaea torallyi গছৰ এক প্রজাতি বুলিয়েই ধৰিব পৰা যায়।
আটাইতকৈ চুটি তাল গছ হ’ল Parajubaea sunkha যাক ১৯৯৬ চনত বিষদ ভাবে আলোচনা কৰা হৈছে।এই বিধ গছ মাত্র ৮ মিটাৰ মান হে দীঘল হয়, ইয়াৰ উৎপত্তি স্থান বলিভিয়াৰ চান্টাক্রূজ জিলাৰ অন্তর্গত ভেলেগ্রান্ডৰ আন্ডিয়ান উপত্যকা অঞ্চল য’ত ই প্রায় ১৭০০-২০০০ মিটাৰ মান দীঘল হয়। আগতে ইয়াক Parajubaea torallyi বুলিহে ভবা হৈছিল, কিন্তু পিছতে ইয়াক Parajubaea sunkha বুলিহে জনা যায়।
তাল গছৰ ভিতৰত Parajubaea ৰ অতি সহজেই খেতি কৰিব পাৰি বীজৰ দ্বাৰা। কিন্তু আপোনাক অতি ধৈর্য সহকাৰে বাট চাই থাকিব লাগিব কিয়নো ইয়াৰ বীজ বিলাক অতি লাহে লাহে বাঢ়ে, য’তে ত’তে হাবিত ওলায় আৰু ইয়াৰ বাবে তাক কম পক্ষে দেড় বছৰ মান সময় লাগে। কিছুমান বীজ আকৌ এমাহৰ ভিতৰতেই ওলায়, কিন্তু আন কিছুমানে আকৌ এক বছৰ বা তাৰো বেছি সময় লয়। যিহেতু এইটো এটা প্রায় গ্রীষ্মপ্রধান অঞ্চলৰ উদ্ভিদ গতিকে ইয়াক উঞ্চতাযুক্ত অঞ্চলত ৰোপন কৰিব লাগে (আন আন তাল গছৰ দৰে নহয়)।অধিক উঞ্চতা সাধাৰনতে দিনৰ ভাগত হয়, যি এই বিধ গছৰ বীজৰ বাবে ঠিক নহয়।
সিচাঁৰ আগতে, বীজ বিলাকক পানীত তিঁয়াই থব লাগে প্রায় ২০°C ত ৫ ৰ পৰা ৭ দিনলৈ। ডাঙৰ ডাঙৰ বীজ বিলাকক পানীত প্রায় দুই সপ্তাহ মান তিঁয়াই থব লাগে। প্রত্যেক দিন পানী সলাই দিব লাগে। ভালকৈ অঙ্কুৰিত হবলৈ বীজ বিলাকক অলপ ফুটা কৰি দিব লাগে।
তিঁতা বীজ বিলাকক লৈ বৰষূনৰ বতৰৰ বাবে অপেক্ষা কৰি থাকিব লাগে, যিটো এই বিধ বীজৰ বাবে আটাইতকৈ উপযুক্ত সময়। বলিভিয়াত এই বীজ বিলাক শুকান দিনত অঙ্কুৰিত হবলৈ বাধা প্রাপ্ত হয় (বৰষূনৰ বতৰ আৰম্ভ হয় অক্টোবৰ মাহৰ পৰাহে)।
তিঁতা বীজ বিলাক এটা পাত্রত বা প্লাস্টিক বেগত ভৰাই লৈ অলপ মাটিৰ মাজত পুতি থব লাগে, লক্ষ্য ৰাখিব লাগে যাতে আধা অংশ বীজৰ মাটিৰ মাজত থাকিব লাগে, এই অৱস্থাত উঞ্চতাৰ প্রয়োজন হয় প্রায় ১০ ৰ পৰা ২০°C লৈ।
দিনৰ ভাগত অধিক গৰম, কিন্তু ৰাতিৰ ভাগত কম তাপমাত্র এই বিধ গছৰ বাবে সঠিক উঞ্চতা। বীজ বিলাক এবাৰ গজিঁ উঠিব লাগিলে তাত বেছি পৰিমানে পানী দিব নেলাগে। এইটোয়েই মূলত খেতিত উৎপন্ন হোৱা তাল গছ Parajubaea আৰু আন আন তাল গছৰ মাজত পার্থক্য।
সিচাঁৰ পিছত প্রতি তিনি বা চাৰি দিনৰ পিছত গেঁজ ওলাইছে নে নাই তাক ভালকৈ চাব লাগে, প্রত্যেকটো বীজ বেলেগ বেলেগ পাত্রত থব লাগে আৰু গেঁজ ওলোৱা বীজ বিলাকক বেলেগ বেলেগ পাত্রত থব লাগে। কিছুমান তাল গছৰ খেতি কৰা মানুহে আকৌ ৬ মাহৰ ভিতৰত গেঁজ নোলালে নিজস্ব কিছুমান বেলেগ পদ্ধতি অবলম্বন কৰে।
বীজত পানী দিয়া বন্ধ কৰি মাটিক শুকান কৰি কেইবা মাহ মান থৈ দিব লাগে। মাটিৰ পৰা বীজ বিলাকক উলিয়াই লৈ আকৌ পানীৰ মাজত ডুবাই এমাহ মান থৈ দিব লাগে গেঁজ ওলোৱাৰ বাবে।
এই বীজ বিলাকৰ অহা ৬ মাহৰ ভিতৰতেই গেঁজ ওলায়। যদিহে কিছুমান বীজৰ গেজ নোলায়, তেন্তে একেই পদ্ধতিটো অবলম্বন কৰি যাব লাগে আৰু বৰষুনৰ বাবে বাট চাই থাকিব লাগে।
পেৰাজুবীয়া বীজৰ অঙ্কুৰোদগমৰ সম্ভাবনা ১০০% থাকে, আপুনাক মাথোন ধৈর্য ৰাখিব লাগে আৰু বীজ বিলাকৰ বাবে শুকান বতৰলৈ বাট চাই থাকিব লাগে।
এটা কেঁচা তাল খুব বেচি টান হয়, কিন্তু মনত ৰাখিব যে তাৰ ভিতৰত বেচি পৰিমাণে পানী নেথাকে। এটা কেঁচা তালৰ বাবে সদায় পৰিপূর্ণ বতৰৰ প্রয়োজন (স্বাভাবিক অৱস্থাত এটা সৰু তাল গছ ডাঙৰ তাল গছৰ ছাঁত বাঢ়ি উঠে কিন্তু ডাঙৰ তাল গছক আকৌ ৰ’দ থকা ঠাইৰ প্রয়োজন।
জেনাচ পেৰাজুবীয়া হ’ল দক্ষিন আমেৰিকাৰ বিপদাপন্ন তাল গছ। এই তাল গছ বিলাকৰ এনেকুৱা অৱস্থাৰ বাবে প্রধান কাৰন হ’ল অতি দ্রুত বাঢ়িব ধৰা কৃষি কার্য, পোহনীয়া জন্তুৰ দ্বাৰা কৰা কাঠৰ খনিৰ কাম ইত্যাদি। এই তাল গছ বিলাক খুব কম ঠাইত হয়, ফলত ইয়াক বচাই ৰখাৰ দায়িচ্বটো বৰ বেছি হৈ যায়। এই গছবিলাকৰ মস্ত মস্ত বীজৰ বাবে, সিহঁতৰ বিভিন্ন ঠাইত বিয়পি পৰাৰ সম্ভাবনাটো খুবেই কম। এক বিশেষ জাতীৰ ভালুকে এই বিধ বীজক বিয়পাই দিয়াৰ কামটো কৰে (Tremarctos ornatus), কিন্তু আকৌ এই বিধ জন্তুও বর্তমানে জীয়াই থকাৰ সংকটত পৰি গৈছে।
««« আগৰ লেখনি: ভাৰতীয় বীচ গছ Pongamia pinnata ওচৰস্থ লেখনি: ইন্দোনেচীয়াৰ আম »»»
KPR ৰ বিষয়ে
গছ-গছনি গজাবলৈ হলে আপোনাৰ অভিজ্ঞতা খিনি ভগাই লওক। বাগিচাৰ বিষয়ে, গছ-গছনিৰ বিষয়ে, গছ-গছনি গজাবলৈ হলে প্রয়োজনীয় জ্ঞান সহ এখন ৰচনা লিখক আৰু আপোনাৰ নিজা ভাষাত জার্নাল Botanix ৰ আমাৰ নিজা বিভাগত তাক প্রকাশ কৰক! আমাৰ লগত অন্যান্য বিষয়ে জানিবলৈ হলে যোগাযোগ কৰক।