কালিমান্টান আম, কস্তুৰি (Mangifera casturi)
কালিমান্টান আম (Mangifera casturi) বা স্থানীয় ভাষাত কস্তুৰী হ’ল এটা গ্রীষ্মকালীন ফলৰ গছ যি প্রায় ১৩-৩০ মিটাৰ মান দীঘল হয় যাক খুব সামান্য অঞ্চলতেই পোৱা যায়, বিশেষকৈ দক্ষিন বর্নেইত (ইন্দোনেচিয়া)বানজাৰমেচিন অঞ্চলত পোৱা যায়। আজিকালি কাঠৰ অবৈধ চোৰাকাৰবাৰীৰ বাবে যদিও গছৰ সংখ্যা কমিছে, তথাপি কেতিয়াবা কেতিয়াবা ইয়াৰ অতি ধুনীয়া সোৱাদৰ বাবে মানুহে খেতি বাতি কৰাৰ ফলত এই বিধ গছ এতিয়াও লুপ্ত হোৱা নাই।
কালিমান্টান আমৰ আকাৰটো (Mangifera casturi) আন আন আমৰ তুলনাত অবশ্যে সৰু। কিন্তু ইয়াৰ প্রতিটোৰ ওজন হব প্রায় ৫০ ৰ পৰা ৮৪ গ্রামলৈ। নপকা অবস্থাত আমটো দেখাত সেউজীয়া, পকাৰ পিছত ৰংটো সলনি হৈ যায়, তেতিয়া ইয়াৰ ৰংটো মুগা বৰনীয়া বা কজলা বৰনীয়া হয় আৰু তাৰ গাটোত এটা চক্ চকীয়া ভাব থাকে। ৰংৰ বিশেষত্বটোৰ বাবে M. casturi আমক আন আন আমৰ পৰা বেলেগ কৈ চিনিব পাৰি। মুঠতে তিনি প্রকাৰৰ Mangifera casturi আম – Kasturi, Mangga Cuban আৰু Pelipisan এতিয়ালৈকে পোৱা যায়। ধুনীয়া গোন্ধৰ বাবে Kasturi অধিক জনাজাত। Mangga Cuban আৰু Pelipisan দুয়োবিধকেই পৃথক প্রজাতিৰ বুলি ধৰা হয়। Pelipisan প্রজাতিৰ আমটো অতিকৈ মিঠা সোৱাদত পোৱা যায়, ফলত ইয়াক কস্তুৰী আমৰ এটা সংকৰ প্রজাতি বুলিহে ধৰা হয়। ইয়াৰ বিষয়ে অধিক গবেষণাৰ প্রয়োজন আছে যাতে এই বিধ আমৰ বিষয়ে আৰু বেছীকৈ জনা যায়।
এই ফলৰ ভিতৰৰ মংসটোৰ ৰং কমলা বৰনীয়া আৰু ইয়াৰ গঠনটো সুগন্ধীযুক্ত ধুনীয়া। আমি যদি কস্তুৰীক অন্য আমৰ (Mangifera indica) লগত তুলনা কৰো তেন্তে কস্তুৰীৰ সোৱাদ তুলনামূলক ভাবে কম যেন লাগে কিন্তু ইয়াৰ মংসটো কোমল আৰু অধিক ফাইবাৰ যুক্ত।
দক্ষিন বোর্নেইৰ মানুহ আনকি অন্যান্য চুবুৰীয়া দেশৰ মাজতো এই বিধ আম খুব জনপ্রিয়। ইয়াৰ সোৱাদ ইমান মিঠা যে তাৰ বাবে মানুহে এটা পূৰণি গান তৈয়াৰ কৰিছিলঃ Seharum kasturi, seindah pelangi, semuanya bermula. যাৰ অর্থ : ওহ কস্তুৰীৰ দৰে সুগন্ধী, ৰাম ধেনুৰ দৰে ধুনীয়া। এই প্রেমৰ যাত্রা ইয়াৰ পৰাই আৰম্ভ হয়।
অবৈধ কাঠৰ চোৰাকাৰবাৰী সকলে হাবিৰ বিনাশ কৰি আছে ফলত এই বিধ গছৰ সংখ্যা দিনে দিনে কমি আহিছে। পুৰণি কালিমান্টান আমৰ উন্নত মানৰ কাঠৰ বাবে এই গছৰ সংখ্যা বহুত পৰিমানে কমি আহিছে। স্থানীয় মানুহৰ দ্বাৰা কম মাত্রাত এই বিধ গছৰ খেতি কৰা হয়।
খুব লাহে লাহে এই গছৰ বঢ়াৰ বাবে ইন্দোনেচিয়াত কালিমান্টান আমৰ খেতি কম মাত্রাত কৰা হয় কালিমান্টান আমৰ গছ মাথোন মাতাৰামান এলাকাৰ বাঞ্জাৰ জিলাত হে দেখা যায় (বাঞ্জাৰ জিলাটো বাঞ্জাৰমাচিন জিলাৰ লগত একে নহয়)। মাতাৰামান এলাকাৰ মানুহে ক্ষুদ্র ভাবে ১৯৮০ চনৰ পৰা এই বিধ গছৰ খেতি কৰা আৰম্ভ কৰিছিল আৰু প্রথম ফলন হয় ২০০৫ চনত। যদিও এই ফলটো স্থানীয় ভাবে যথেষ্ট পৰিমানে পোৱা যায় তথাপি চাহিদাৰ তুলনাত সেইয়া অতি কম হে।
কালিমান্টান আমৰ গছৰ ফল আৰু কাঠৰ ব্যৱহাৰ সীমিত। যদিও পুৰণি গছ বিলাকৰ গুড়ি বিলাক ১ মিটাৰতকৈ বেছি হয়, কিন্তু বাঞ্জাৰ প্রজাতিৰ মানুহে (ই এক ভিতৰুৱা প্রজাতি যিসকলে দক্ষিন ব্রুনেইত আহি বসবাস কৰিবলৈ আৰম্ভ কৰিছিল) কাঠৰ ব্যৱহাৰ নকৰে গছৰ বেছি আয়ুৰ বাবে মাথোন ইয়াৰ ফলহে খায়। তেওঁলোকে কাঠৰ বাবে বেলেগ গছ হে ব্যবহাৰ কৰে। ইয়াৰ ফল পোৱাটো ইমান উজু নহয়, কিয়নো এই বিধ গছ বহুত দীঘল হয় ফলত ফল তুলিবলৈ হলে মানুহক বহুত ওপৰলৈ উঠিব লাগে, যিবিলাক ফল মাটিত পৰেহি সেই বিলাক ফলৰ সোৱাদ ভাল নহয়।
ফল বিলাক এনে এনেই খাব পাৰি বা কস্তুৰী জাম বনাই খাব পাৰি। অবশ্যে এই বিধ উপাদান বজাৰত পোৱা নেযায় কিয়নো খেতিয়ক সকলেই এই বিলাক উপাদান খাই পেলায়। অন্যান্য যিবিলাক উৎপন্ন বস্তু বজাৰত পোৱা যায় সেই বিলাক হ’ল পুৰী, জাম, জুচ বা ড’ডল (পৌৰাণিক মিঠাই আদি)। যিহেতু তাজা ফল বিলাকৰ চাহিদা খুব বেছি থাকে তাৰোপৰি বাঞ্জাৰ মানুহৰ অতি প্রিয় ফল গতিকে এই ফল বিলাক পাবলৈ বৰ টান। এই বিধ ফল খুব দামী যদিও বাঞ্জাৰ মানুহে ইয়াৰ ধুনীয়া সোৱাদৰ কাৰণে ইয়াৰ দামক যথাযোগ্য বুলিয়েই ভাবে।
««« আগৰ লেখনি: খাচী পাইন (Pinus kesiya) ওচৰস্থ লেখনি: বৰফ সহ্য কৰিব পৰা তাল গছ ৰাপীড’ফিলাম হিষ্ট্রীক্স (Rhapidophyllum hystrix) »»»
শুক্রবাৰ 5.3.2010 19:57 | ছপা | বিদেশী গছ-গছনি
KPR ৰ বিষয়ে
গছ-গছনি গজাবলৈ হলে আপোনাৰ অভিজ্ঞতা খিনি ভগাই লওক। বাগিচাৰ বিষয়ে, গছ-গছনিৰ বিষয়ে, গছ-গছনি গজাবলৈ হলে প্রয়োজনীয় জ্ঞান সহ এখন ৰচনা লিখক আৰু আপোনাৰ নিজা ভাষাত জার্নাল Botanix ৰ আমাৰ নিজা বিভাগত তাক প্রকাশ কৰক! আমাৰ লগত অন্যান্য বিষয়ে জানিবলৈ হলে যোগাযোগ কৰক।