Botanix - গছ-গছনিৰ বিষয়ে এটা জাননী কাকত

Botanix অসমীয়া

বৰফ সহ্য কৰিব পৰা তাল গছ ৰাপীড’ফিলাম হিষ্ট্রীক্স (Rhapidophyllum hystrix)

ছবি

Rhapidophyllum hystrix

Rhapidophyllum hystrix হ’ল অতিকৈ বৰফ সহ্য কৰিব পৰা এক প্রকাৰ তাল গছ। ৰাপীড’ফিলামৰ অন্তর্গত এই বিধ মাথোন

এইটো এটা কঠিন প্রজাতিৰ তাল গছ, যিবিলাক মাথোন ১-৩ মিটাৰ মানহে দীঘল হয় আৰু ইয়াৰ কান্ডত বহুত কাঁইট থাকে। ৰাপীড’ফিলাম হিষ্ট্রীক্স হ’ল এবিধ চুটি জোপোহা জাতীয় গছ।ইয়াৰ কাঁইটে ইয়াক আগুৰি থাকি ইয়াৰ চৌদিশে এটা আবৰণৰ সৃষ্টি কৰে। এই জোঙা তাল গছৰ শূৰ তৈয়াৰ নহয়, তাৰ সলনি লাহে লাহে এটা মুকুটৰ দৰে তৈয়াৰ হয় যাৰ দৈর্ঘ প্রায় ১.২ মিটাৰ মান আৰু ব্যাস প্রায় ১৭.৮ চে.মি. হয়গৈ। ইয়াৰ বৃন্ত বিলাক পুৰণি পাতৰ দ্বাৰা, ‌ত‌ন্তুৰ দ্বাৰা হয়। সাধাৰনতে এইবোৰ ওপৰৰ পিনে উঠিগৈ থাকে, কিন্তু পুৰণি হলে সেইবোৰ আকৌ তললৈ মাটিৰ ফালে নামি আহে কিয়নো সিহঁতে পোহৰ আৰু মুক্ত ঠাই বিচাৰে। কান্ড বিলাক ডাঙৰ হোৱাৰ লগে লগেই, অধিক পাতল কাঁইট ওলায় পাতৰ সংযোগ স্থলৰ পৰা। বীজ বিলাক তিতা মাটিত সিঁচিব লাগে আৰু তাপমাত্রা ২০°C ত থাকিব লাগে। প্রথম তিনি বছৰত সৰু সৰু গছ বিলাকক বৰফৰ পৰা আতঁৰত ৰাখিলে ভাল হয়। জোঙা তালে সদায় সুর্যৰ তাপত বা ছাঁত আর্দ্রতা বিচাৰে, কিন্তু সাধাৰনতে এই বিধ গছে অধিক সুর্যৰ তাপ বিচাৰে বিস্তাৰৰ লগে লগেই। যেতিয়া আধা ছাঁত এই গছ বিলাক থাকে তেতিয়া সিহঁত আটাইতকৈ ভাল অবস্থাত থাকে। যেতিয়া পৰিপু‌র্ণ ভাবে সুর্যৰ পোহৰত থাকে তেতিয়া দেখা যায় যে পাত বিলাকে তাৰ ৰংৰ পৰিবর্তন কৰি ঘন সেউজীয়া ৰংটোৰ সলনি কৰে। তিনি বছৰতকৈ পুৰণি গছ বিলাকক বাগিচাৰ ভিতৰত ৰাখিব পাৰি গোটেই বছৰ লৈকে যদিহে আপুনি এনেকুৱা এখন ঠাইত থাকে য’ত তাপমাত্রা -১০°C ৰ তলত নেনামে। শীত প্রধান অঞ্চলত আপুনাক যথেষ্ট পৰিমানে শীত নিৰোধক বস্তু গছক দিব লাগিব যেতিয়া তাপ মাত্রা -১০°C তললৈ নামি যাব। ফল স্বৰূপে বৰফ সহ্য কৰিব পৰা তাল গছ বিলাকৰ বাবে ধুনীয়াকৈ দক্ষিনমুখীকৈ নালীৰ ব্যবস্থা কৰা হব লাগিব। আটাইতকৈ ডাঙৰ শত্রু এই বিধ গছৰ সেইয়া বৰফ নহয়, তিতা মাটিহে। কম তাপমাত্রা লগতে অধিক পৰিমানে পানী এই দুয়ো মিলি এই বিধ গছৰ শিপাক শেষ কৰি পেলায়। এই বিধ তাল গছে -১৫°C ৰ পৰা -২০°C উঞ্চতাত জীয়াই থাকিব পাৰে। এতিয়ালৈকে আটাইতকৈ কম তাপমাত্রাত জীয়াই থকাৰ ৰেকর্ড হ’ল -২৮°C।

বৰফ সহ্য কৰিব পৰা তাল গছ বিক্রী

««« আগৰ লেখনি: কালিমান্টান আম, কস্তুৰি (Mangifera casturi) ওচৰস্থ লেখনি: বীজৰ পৰা আম উৎপন্ন »»»

শনিবাৰ 6.3.2010 14:00 | ছপা | তাল গছ

KPR ৰ বিষয়ে

KPR - গা‌‌‌র্ডেনীয়ার্চ ক্লাব শ্লোভাকীয়া
KPR - গার্ডেনীয়ার্চ ক্লাব হ’ল বাগিচা বিলাকৰ এটা আন্তঃৰাষ্ট্রীয় প্রতিষ্ঠান। অধিক জানক
গছ-গছনি গজাবলৈ হলে আপোনাৰ অভিজ্ঞতা খিনি ভগাই লওক। বাগিচাৰ বিষয়ে, গছ-গছনিৰ বিষয়ে, গছ-গছনি গজাবলৈ হলে প্রয়োজনীয় জ্ঞান সহ এখন ৰচনা লিখক আৰু আপোনাৰ নিজা ভাষাত জার্নাল Botanix ৰ আমাৰ নিজা বিভাগত তাক প্রকাশ কৰক! আমাৰ লগত অন্যান্য বিষয়ে জানিবলৈ হলে যোগাযোগ কৰক।