ইন্দোনেচীয়াৰ আম

ছবি

সুগন্ধিযুক্ত আম (Mangifera odorata)

ইন্দোনেচীয়াৰ বর্নিও দ্বীপত প্রায় ৩৪ টা প্রাজাতীৰ আম গছ আছে (Mangifera) যিবিলাকৰ মাটিত আপুনা আপুনি উৎপত্তি হৈছে। ইয়াৰে কিছুমান আকৌ সচাঁকৈয়েই আজি ধবংসৰ পথত, কিয়নো হাবি কাটি চাফা কৰা হৈছে। আন কিছুপ্রকাৰ আম হ’ল যেনে কালিমাণ্টো আম (Mangifera casturi) প্রায় লুপ্ত অৱস্থা পাইছেগৈ।

বর্নিওৰ আন কিছুমান উল্লেখযোগ্য আম গছ বিলাক হ’ল Mangifera griffithi (যাক স্থানীয় ভাষাত কোৱা হয় : আচিম ৰাবা আৰু ৰোমিয়ান), Mangifera pajang (আচিম পায়াং), Mangifera quadrifida (আচিম কিপাং) আৰু Mangifera torquenda (আচিম পুতাৰান)।

Fragrant Mango (Mangifera odorata) হ’ল একপ্রকাৰ জনপ্রিয় আম সাধাৰনতে দক্ষিন-পূর্ব এচিয়াত উৎপন্ন হয়। অতিকৈ জনপ্রিয় দুবিধ আম যেনে (Mangifera indica) আৰু Horse Mango (Mangifera foetida) সংকৰ মিলনৰ ফলত এই বিধ আম উৎপন্ন হয়। স্থানীয় ভাষাত ইয়াক: কুৱেনী, কুইনী (ইন্দোনেচীয়া ভাষাত); ক্বেনী, অচাম মেম্বাচাংগ, মাচাং, লেকাপ (মালয় ভাষাত); ক্বেনী, আম্বাচাঙ্গ, এম্বাচাঙ্গ, লাকুইক (মিনাঙ্কাবাউ ভাষাত); ক্বেনী, কেবেম্বেম (বেটাঈ ভাষাত); ক্বেনী, কাঊনী, বেম্বেম (চুদানী ভাষাত); ক্বেনী, কাঊনী, ক্বেনী (জাভানীজ ভাষাত); কাবেনী, বেনী, বাইনী, পাও কাবিনি (মার্দুচী ভাষাত), ক্বেনী, ওয়েনী (বালিনীজ ভাষাত); মাঙ্গা ক্বেণী (উত্তৰ চুলাওজী ভাষাত); আৰু ক্বেনী, গুইন, কউনী, কুউনী, কইনী, গুয়াই স্টিনকি, স্টিংকি, হিটিংকি (মালাকু দ্বীপৰ)।

Printed from neznama adresa