ভাৰতীয় পদুম ফুল
ভাৰতীয় পদুম ফুল (Nelumbo nucifera) হ’ল এটা ধুনীয়া জলজ উদ্ভিদ যাৰ পাতল সেউজীয়া ৰংৰ বহল পাত থাকে যি বোৰ পানীৰ ওপৰত ভাঁহী থাকে। গোলপীয়া ৰংৰ ফুল বিলাক ডাঠ কান্ডৰ সৈতে কেইবা চেন্টিমিটাৰ মান পানীৰ ওপৰত ওলাই থাকে। ভাৰতীয় পদুম ফুলক অতি পবিত্র ফুল বুলি ধৰা হয় আৰু বুদ্ধ ধর্মাৱলম্বী মানুহে ইয়াক ধর্মীয় কামত ব্যৱহাৰ কৰে। গোটেই পৃথিবীটো মানুহৰ সুবিধাৰ বাবেই ঈশ্বৰে বনাইছে, তাৰ ভিতৰত বিশেষকৈ বীজ আৰু শিপা (ৰাইজ’ম)সাধাৰনতে ধর্মীয় ৰীতি-নীতিৰ ক্ষেত্রত প্রয়োজন হোৱা ৰন্ধা-বঢ়াৰ কামত ব্যবহাৰ কৰা হয় গোটেই দক্ষিন-পূর্ব এচিয়াত। ভাৰতীয় পদুম জলাভূমি উদ্ভিদ যিটো ঠিক একে ভাবে গজে যি ভাবে সুগন্ধী যুক্ত পদুম গজে পানীত। আমাৰ আৱহাওয়াত এই বিধ গছ গজাবলৈ টান, আপুনি মাথোন জানি থওক কি দৰে!
বীজৰ পৰা ভাৰতীয় পদুম তৈয়াৰ কৰিবলৈ হলে, বাহিৰৰ টান আবৰনটো পানীৰ অলপ তললৈ নি বালি কাগজত (মোহাৰী বা ঘঁহি) পুতি থব লাগে। ফলত পানী অতি সহজেই ইয়াত থাকি যায়, যাৰ অবিহনে বীজৰ অঙ্কুৰন কেতিয়াও সম্ভব নহয়। যদিহে বীজৰ টান অংশটো থাকি যায়, তেন্তে বীজটো বহুৰ ধৰি একে ভাবেই থাকি যাব। পানীত পোঁতা হলেও, তাৰ পৰা গেঁজ ওলাবলৈ হয়তো কেইবা বছৰও লাগি যাব পাৰে।
পোখা মেলা ভাৰতীয় পদুম ফুল
আপুনি কেনেকৈ জানিব যে আপুনি পদুম ফুলৰ বীজ বিলাক ঘঁহি তাৰ টান আবৰণটো উঠাই মাটিত পুতিছে ? যদিহে মাটিত পুতি দিয়াৰ ২৪ ঘন্টাৰ ভিতৰত বীজৰ আয়তন দুগুন হয়গৈ তেন্তে নতুনকৈ ঘঁহিব নেলাগে, কিন্তু যদিহে আয়তনৰ বিশেষ সাল সলনি নহয় তেন্তে আকৌ বীজ বিলাক উঠাই ভালকৈ ঘঁহি পানীত থৈ সদায় তাৰ আয়তনৰ কিবা পৰিবর্তন হয় নে নাই তাক ভালকৈ চাব লাগে। যেতিয়া লৈকে বীজৰ আয়তন দুগুন নহয় গই তেতিয়া লৈকে এই পদ্ধতিটো চলাই থাকিব লাগে।
বীজে মাথোন পানী বিচাৰে
ঘঁহাৰ প্রক্রিয়াটো সফলতাৰ সৈতে সম্পন্ন হলেই, বীজ বিলাক এটা পাত্রত লৈ পানীত তিয়াই থব লাগে। পানীত তিয়াই থোৱাৰ বাবে আদর্শ উঞ্চতা হল ২৭°C ৰ ২৮°C লৈকে (আনকী বীজবিলাক দুগুন আয়তনৰ হব পাৰে মাথোন ২০°C ত। এই উঞ্চতাত বীজ বিলাকৰ ভালকৈ গাঁজ ওলাবলৈ সময় লাগে খুব বেছি ১ সপ্তাহ। এই বিষয়ে আমাৰ ফটো ডকুমেণ্টখন চাই লব পাৰে ইয়াত .
প্রথম পাত খন ওলোৱাৰ লগে লগেই, গাঁজ ওলোৱা বীজ বিলাক বোকা মাটিত পুতি থব লাগে নাইবা এক্যুয়াৰিয়ামৰ ভিতৰত একেবাৰে তলত পাথৰ থৈ তাৰ ওপৰত বোকা মাটি দি বীজ বিলাক পুতি থব লাগে (এক্যুয়াৰিয়াম, পুখুৰী)। পাত্রত পানীৰ উচ্চতা মাটিৰ পৰা অন্ততঃপক্ষে ৩০ চেন্টিমিটাৰ মান হব লাগে, ভাৰতীয় পদুম ফুল খুব সহজেই মাছ পোহা এক্যুয়াৰিয়ামত গজাব পাৰি।
সময়ৰ লগে লগে গছ বিলাক ডাঙৰ হবলৈ আৰম্ভ কৰিব ফলত গছক অধিক ঠাইৰ প্রয়োজন হব। শীতকালত বাগিচাত এই বিধ গছক পুখুৰিৰ পানীত, গ্রীন হাউচ, অন্য যিকোনো ঠাইত য’ত বৰফ নজমে তেনে ঠাইত গজাব পাৰি। ভাৰতীয় পদুম ফুলৰ বাবে আদর্শ উঞ্চতা হ’ল ২০°C পৰা ৩৫°C লৈ।
আমাৰ দেশৰ বতৰত, কম উঞ্চতা প্রায় দেখা যায়, আৰু এই উঞ্চতাত গছ বিলাক বাচিঁ থাকিব পাৰে কোনো সমষ্যা নোহোৱাকৈ। গৰম কালিত আপুনি এই পদুম ফুলৰ গছ বিলাকক বাহিৰৰ কোনো পুখুৰিলৈ স্থানান্তৰিত কৰিব পাৰে, কিন্তু জাৰকালিত ঘৰৰ ভিতৰলৈ নিয়াই ভাল। একেবাৰে জঘন্যতম অৱস্থাত, ইয়াক জোপা মাৰি মেৰিয়াই ৰাখি থব লাগে যেনেকৈ পানীত পদুম ফুল বিলাক থাকে।
ভাৰতীয় পদুম ফুলৰ বাবে আদর্শ উপায় হ’ল পকা মাটিৰ টাব, যিয়েই অন্ততঃ কমপক্ষে ৬০ ৰ পৰা ৮০ লিটাৰ লৈকে পানী ধৰি ৰাখিব পাৰে – এই কাৰনে প্রতিটোৰ ক্ষেত্রত প্রায় ১০ ইউৰো খৰচ হব পাৰে।
তলত উল্লেখ কৰা উপায় বিলাক অবলম্বন কৰক : ঘঁহা বীজ বিলাক পানীত বা এক্যুয়াৰিয়ামত লৈ তলত সৰু সৰু পাথৰ দি তাৰ ওপৰত বোকা মাটি দি পিছত বীজ বিলাক পুতি থব লাগে আৰু ফুলৰ পাত্রটো পকা টাবটোৰ ভিতৰত থব লাগে। খুব ভাল ফলাফল পাবলৈ হলে টাবৰ মুখলৈ পানী ভৰি দিব লাগে।
পকা টাব ব্যবহাৰ কৰাৰ উপকাৰীতা হ’ল ইয়াক অতি সহজেই আপোনাৰ বাগিচাৰ মাজত থকা পানীৰ ভিতৰত বা আপোনাৰ এপার্টমেন্টত কোনো এক ঠাইত বহাই থব পাৰিব। পৰবর্তী কালত যদি টাবটো খিৰকিৰ কাষত থব পাৰে তেন্তে খুব ভাল হয় (বিশেষকৈ আপোনাৰ বেলকনীৰ কাষত) কিয়নো ভাৰতীয় পদুম ফুলৰ বাবে যথেষ্ট পৰিমানে সূর্যৰ পোহৰৰ আৰু তাপৰ প্রয়োজন হয়। গৰম কালত ইয়াক আপুনি আপোনাৰ বেলকনীৰ বা বাগিচাৰ দক্ষিণ দিশত ৰাখিব পাৰে। আপুনি দেখিব যে ভাৰতীয় পদুম ফুল বিলাক অতি সহজেই আপুনাৰ এপার্টমেন্টৰ বেলকনীত ফুলিব পাৰে!
Printed from neznama adresa