খাচী পাইন (Pinus kesiya) এচিয়াৰ এবিধ অতি দ্রুত বাঢ়িব ধৰা এক প্রকাৰ উদ্ভিদ, যাক খেতি-পথাৰৰ বাহিৰে বেছি দেখা নেযায়। এই বিধ গছ প্রায় ৩০-৩৫ মিটাৰ মান দীঘল হয়, কান্ডটো প্রায় ১ মিটাৰৰ ব্যাসার্দ্ধৰ হয়। প্রত্যেকটো শাখাৰ তিনিটাকৈ কাঁইট থাকে-প্রত্যেকটো প্রায় ১৫-২৫ চেমি. মান দীঘল হয়। এই বিধ গছৰ ফল বিলাক (জোঙ) প্রায় ৫ ৰ পৰা ৯ চেমি. মান দীঘল হয় আৰু ইয়াৰ বীজ বিলাক ১.৫ ৰ পৰা ২.৫ চেমি. মান দীঘল হয়।
খাচী পাইন বিলাক আচঁলতে (Pinus kesiya) হিমালয়ৰ পাদদেশত উৎপন্ন হয় ঃ উত্তৰ-পূর্ব ভাৰত (আজিকালি যধেমধে গছ কটাৰ ফলত মাথোন মেঘালয় আৰু মানিপুৰৰ খাচী মাউন্ট আৰু নাগা মাউন্টত, চীন (ইউনান প্রদেশ), ব্রহ্ম দেশত (মায়ানমাৰ), উত্তৰীয় থাইলেন্ড, লাউচ, ভিয়েটনাম (লাইচাউ, লেংচ’ন, কাউ বেঙ্গ, কুয়াঙ্গ নী) আৰু ফিলিপাইনৰ (ল’যন) পোৱা যায়। ফিলিপাইনৰ পাইন গছ বিলাক আন আন দেশৰ তুলনাত অলপ বেলেগ ধৰনৰ হয়, বিশেষকৈ Pinus insularis প্রজাতিৰ। চীন দেশতো একেই ধৰনৰ গছ পোৱা যায় যাক য়ুনান পাইন বোলে (Pinus yunnanensis)।
এই প্রজাতিৰ গছ পাহাৰৰ আওগৰীয়া ঠাইত হয়, ৰং হয় পাতল ৰঙা আৰু হালধীয়া বৰনৰ আৰু খাৰুৱা মাটিত হয় (pH ৪,৫) আৰু ৮০০-২০০০ মিটাৰ উচ্চতাত উপজে, কিন্তু বেচিভাগ হয় ১২০০-১৪০০ মিটাৰ উচ্চতাত। প্রায় গ্রীষ্মকালীন বায়ুমন্ডলত সেমেকা আৰু শুকান বতৰত এই বিধ গছ ভাল হয়। অধিক বৰষুণ আৰু প্রায় গ্রীষ্মকালীন বতৰৰ পৰিবর্তন লগতে আদ্রতা কমকৈ ৭০% থাকে।
এই বিধ গছ অলপ বৰফ সহ্য কৰিব পাৰে, কিন্তু অতিকৈ ষ্পর্শকাতৰ বিশেষকৈ উদ্ভিদ-জীবন যাপন কৰাৰ ক্ষেত্রত। খেতি-বাতিৰ সময়চোৱাত ইয়াক বৰফ বিহীন এলাকাৰ প্রয়োজন হয়।
এই বিধ গছৰ আন আন নাম বিলাক হ’ল : Pinus khasya, Pinus khasyanus, Khasi Pine
Printed from neznama adresa