জেনাচ Breadfruit (Artocarpus) ৬০ টা বিভিন্ন প্রকাৰৰ চিৰ সেউজীয়া ক্রান্তীয় অঞ্চলৰ গছ যিবোৰ Moraceae জাতীয় উদ্ভিদৰ (মালবাৰী পৰিয়াল বা আলংকাৰীক পৰিয়াল) অন্তর্গত। দক্ষিন পূর্ব এচিয়া আৰু প্রশান্ত মহাসাগৰিয় অঞ্চলত এই বিধ গছ পোৱা যায়। ব্রেডফ্রুট উদ্ভিদৰ Ficus (আলংকাৰীক গছ) ৰ লগত বহুত মিল আছে। অধিককৈ খেতি কৰা বিধ হ’ল Artocarpus altilis। অন্য বহু বিধ উদ্ভিদ যেনে Artocarpus communis, Artocarpus integer (Cempedak), Artocarpus heterophyllus (Jackfruit, Nangka) আৰু Artocarpus odoratissimus (Marang) এই ব্রেডফ্রুট পৰিয়ালৰ অন্তর্গত।
এই অধ্যায়ত আমি আপোনালোকক মাৰাঙ্গ প্রজাতিৰ (Artocarpus odoratissimus) চিনাকী কৰি দিম। ইন্দোনেচিয়াৰ বোর্নেই দ্বীপৰ ই এটা চিৰ সেউজীয়া উদ্ভিদ। যিনহওক, এই বিধ উদ্ভিদ মালয়এচিয়াৰ স্থানীয় বজাৰত, থাইলেন্ড আৰু ফিলিপাইনত পোৱা যায়। স্থানীয় ভাষাত ইয়াক আটাউ, কেৰীয়ান, লল’ই, মাডাঙ্গ, মাৰাঙ্গ, পি-ইয়েন, টাৰাপ, টেৰাপ আৰু খানুন চাম্ফালুৰ বুলি জনা যায়। উল্লেখিত দেশ বিলাকৰ বাহিৰে এই বিধ উদ্ভিদ পোৱা নেযায়। এইটো এটা বনৰীয়া উদ্ভিদ আৰু সমুদ্র পৃষ্ঠৰ পৰা ১০০০ মিটাৰ উচ্চতাত ই উপজে।
আর্টোকার্পাচ ওডোৰেটিচিমাচ গছ বিলাক প্রায় ২৫ মিটাৰ মান দীঘল হয়, ইয়াৰ পাত বিলাক প্রায় ১৬ ৰ পৰা ৫০ চেমি. দীঘল হয় আৰু বহলে প্রায় ২৫ চেমি. মান হয়।
যিহেতু এইটো এটা সহবাসী উদ্ভিদ গতিকে এটা গছেই ফল দিয়াৰ বাবে যথেষ্ট। ইয়াৰ ফল বিলাক সেউজীয়া, অন্ডাকৃতিৰ, ১৬ চেমি. দীঘল আৰু ১৩ চেমি. বহল আৰু ওজন প্রায় ১ কেজি মান হয়। ইয়াক কেঁচা বা ৰান্ধিও খাব পৰা যায়। বীজ সাধাৰনতে ৰান্ধিহে খাব লাগে।
ব্রেডফ্রুট এটা মুখ্য আহাৰ বিশেষকৈ দক্ষিন পূর্ব এচিয়াত। এই ফলৰ ভিতৰচোৱা বৰফৰ দৰে বগা, কিন্তু ফলটো বৰ মিঠা সোৱাদৰ, আকর্ষনীয় আৰু সুগন্ধিযুক্ত হয়, ঠিক যেন ডুঁৰিয়া ফলৰ দৰে (Durio, হ’ল পৃথিবীৰ আটাইতকৈ সুগন্ধিযুক্ত ফল)।
মাৰাঙ্গ বীজৰ Artocarpus odoratissimus দ্বাৰা অতি সহজেই ইয়াৰ খেতি কৰিব পাৰি। সতেজ বীজ বিলাকৰ ভালকৈ পুলি ওলায় এক সপ্তাহৰ ভিতৰতেই, কিন্তু তিনি সপ্তাহৰ পিছত এই বীজ বিলাকৰ পৰা গেঁজ ওলোৱাৰ ক্ষমতা একেবাৰেই কমি যায়। বীজ বিলাক সিঁচা হয় বালি মাটিত, য’ত ভালকৈ পানী যোগানৰ ব্যবস্থা থাকিব লাগে মাটিত চঁহাৰ লগে লগেই। এই বিধ গছৰ বৃদ্ধি কম পৰিমানে হয় আৰু পোক পতঙ্গেই ইয়াক খুবেই কম আক্রমণ কৰে।
ব্রেডফ্রুট উদ্ভিদে বৰফ সহ্য কৰিব নোৱাৰে। অয়ন সমীপবর্তী অঞ্চলৰ হোৱাৰ বাবে কমপক্ষে ইয়াৰ তাপমাত্রা ৭°C হব লাগে। গ্রীষ্মপ্রধান বা অলপ গ্রীষ্মপ্রধান অঞ্চলত দুয়োটা অঞ্চলতেই বাগিচা বিলাকত এই বিধ গছ গজিব পাৰে কিন্তু ইয়াক ঘৰত বা গ্রীন হাউচ বিলাকত ৰাখিব লাগে।
Printed from neznama adresa